আধুনিকতাৰ গ্ৰাসত পৰি হেৰাই যাবলৈ ধৰা ঢেঁকীক আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰি পুনৰুদ্ধাৰৰ চেষ্টা উজনিৰ এজন ব্যক্তিৰ

  • Posted on: 9 April 2018
  • By: admin

অসমীয়া জাতীয় জীৱনৰ অতিশয় আদৰৰ একালৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য সম্পদ ঢেঁকী। সকলোৰে পৰিচিত এই ঢেঁকীটো আমাৰ সমাজ জীৱনৰ পৰা ক্ৰমে হেৰাই যোৱাৰ উপক্ৰম হৈছে।  কেইদশকমান আগলৈকে ঢেঁকীক বাদ দি অসমীয়াৰ বাপতিসাহোন বিহু কেইটাৰ কথা ভাবিবলৈ নোৱাৰিছিল। কাৰণ বিহুৰ কেইদিনমান পূৰ্বৰ পৰা গাঁৱৰ জীয়ৰী - বোৱাৰী সকলোৱে মিলি ঘৰে ঘৰে চিৰা, পিঠা, সান্দহ খুন্দি আনন্দ ফুৰ্তি কৰাৰ মাদকতাই সুকীয়া আছিল। কিন্তু আধুনিকতাৰ গ্ৰাসত পৰি ঢেঁকীৰ শব্দ গ্ৰামাঞ্চলৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে । এনে এক সন্ধিক্ষনত ঢেঁকী পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াস কৰিছে ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত ৰাজগড়ৰ সমীপৰ লেৰেলা পথাৰ গাঁৱৰ নিবাসী জিতেন কাকতিয়ে। ব্যক্তিজনে আধুনিক পদ্ধতিৰে নিৰ্মান কৰা ঢেঁকী ইতিমধ্যে ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে। ব্যক্তিজনে নিৰ্মাণ কৰা ঢেঁকী পাতিবলৈ গাড়ীশালীৰ বাবে কোনো গাঁত খন্দাৰ প্ৰয়োজন নাই। যিকোনো ঠাইতে নিজৰ ইচ্ছামতে এই ঢেঁকী বহুবাই প্ৰয়োজনীয় কাম সামাধা কৰি পুনৰ অন্য ঠাইত থৈ দিব পাৰি ।সম্পূৰ্ণ শিলিখা কাঠেৰে নিৰ্মাণ কৰা এই ঢেকী পাতিবলৈ যথেষ্ট কম ঠাইৰ প্ৰয়োজন। ব্যক্তিজনে জানিব দিয়ামতে আধুনিক ঢেঁকীৰে ২০ মিনিটতে ২ কে:জি চাউল খুন্দিব পাৰি । ব্যক্তিজনে তিনিবছৰৰ পূৰ্বে এই আধুনিক ঢেঁকী উদ্ভাৱন কৰিছিল। কিন্তু ২০১৫ বৰ্ষৰ এপ্ৰিল মাহৰ পৰাহে কাৰ্যত ৰূপায়ন কৰি মুকলি ভাবে ৰাইজৰ মাজত উলিয়াই দি এই পৰ্যন্ত ৪০০ টা ঢেঁকী বিক্ৰী কৰিছে ব্যক্তিজনে। ২০১৫ চনতে এই আধুনিক ঢেঁকীক J.K. udyog নামেৰে চৰকাৰী পঞ্জীয়ন কৰাই প্ৰতিটো ঢেঁকী ৫৫০০ টকাকৈ বিক্ৰী কৰি আহিছে ব্যক্তিজনে। প্ৰায় পাঁচ ফুট দৈৰ্ঘ্যৰ এই ঢেঁকীটো এতিয়া উজনি-নামনি বহু মহিলাৰ আৰু বহু পৰিয়ালৰ বাবে অতিকৈ মৰমৰ হৈ পৰিছে। জীতেন কাকতিয়ে নিজৰ বাসগৃহতে গঢ়ি তুলিছে এই ঢেঁকী উদ্যোগটো।  যিয়ে তেওঁক দেখুৱাইছে স্বাৱলম্বীতাৰ পথ। উদ্ভাৱনী চিন্তাৰ বাবে বিভিন্ন সামাজিক স্বীকৃতি , সন্মানো লাভ কৰি আহিছে। চৰকাৰী সাহাৰ্য্য লাভ কৰিলে ঢেঁকী উদ্যোগটো অধিক বিস্তৃতভাৱে আগবঢ়াই নিয়াৰ পৰিকল্পনা আছে জীতেন কাকতিৰ।

       আধুনিক বিজ্ঞান আৰু যান্ত্ৰিক যুগৰ প্ৰভাৱত ক্ৰমান্বয়ে অপৰিহাৰ্য ঢেঁকী এতিয়া অনাদৃত অবহেলিত হোৱাৰ সময়তে ঢেঁকীক আধুনিক ৰূপ দি জনপ্ৰিয় কৰি পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াস নিশ্চয়কৈ আদৰণীয়।

ত্ৰিদিৱ ভট্টাচাৰ্য, টিংখাং , ডাক- টিংখাং,পিন- ৭৮৬৬১২,জিলা-ডিব্ৰুগড় , অসম ।