বিহু সংস্কৃতিক জগত সভাত জিলিকাই তুলিবলৈ সক্ষম হোৱা ঢোলীয়া শিল্পী গোলাপ ওজাৰ কৰুণ অৱস্থা

  • Posted on: 9 April 2018
  • By: admin

আশীৰ ঊৰ্দ্ধৰ এজন শিল্পী। ৰোগে জৰাজীৰ্ণ তেওঁৰ শৰীৰ।ওৰেটো জীৱন অসমীয়াৰ জাতীয় জীৱনৰ লোকবাদ্য ঢোলটোক কান্ধত লৈ দুহাতৰ যাদুৰে উজনি-নামনি সকলোতে খলকণি সৃষ্টি কৰিছিল এইজন শিল্পীয়ে। অসমৰ বিহু সংস্কৃতিক জগত সভাত জিলিকাই তুলিবলৈ  অহোপুৰুষাৰ্থ কৰিছিল ঢুলীয়া শিল্পী গোলাপ ওজাই। যিজনে অক্লান্ত পৰিশ্ৰম আৰু নিৰলস সাধনাত ব্ৰতী হৈ অসমৰ ঢুলীয়া সংস্কৃতিক কেৰেলা, হায়দৰাবাদ, নাগপুৰ, কলকতা আদিকে ধৰি ভাৰতৰ বিভিন্ন ঠাইত ঢোলবাদন পৰিবেশন কৰি অসমৰ সংস্কৃতিৰ বৰভৰাল চহকী কৰি তোলাত আগবঢ়াই আহিছে অনবদ্য অৱদান। বহাগ আহিলেই ঘৰত থাকিবলৈ আহৰি নোপোৱা এইজন ওজাই ৰাজ্যৰ বিভিন্ন স্থানত ঢোলবাদ্য প্ৰৰ্দশন কৰি হেজাৰ-হেজাৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ঢোলৰ সম্ৰাট মঘাই ওজাৰ একালৰ প্ৰিয় শিষ্য গোলাপ নেওগ ওজাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মশালাৰ যোগেদি নতুন প্ৰজন্মক ঢোলৰ প্ৰশিক্ষন প্ৰদান কৰি আহিছে। ১৯৭৭ চনত দিল্লীত অনুষ্ঠিত হোৱা 'ভাৰত মহোৎসৱ'ত যোগ দি তদানিন্তন ৰাষ্ট্ৰপতিৰ ভূয়সী প্রশংসা বুটলিবলৈ সক্ষম হৈছিল এইজন শিল্পী।এই বৰেণ্য শিল্পী গৰাকীক বিভিন্ন সময়ত বহুতো দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে 'সাংস্কৃতিক মঞ্চ, অসম'ৰ তৰফৰ পৰা ২০১৬ চনত আগবঢ়োৱা হৈছিল 'বৰ্হমথুৰি শিল্পী বঁটা'।

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ভালোকমৰা গাঁৱৰ এইগৰাকী ঢোলৰ শিল্পী গোলাপ ওজা আজি সাংঘাতিকভাৱে দৈন্যতাৰ কবলত।  এটা ভগা জুপুৰী সদৃশ ঘৰত জীৱণ নিৰ্বাহ কৰিবলগীয়া হৈছে শিল্পী গৰাকীয়ে। আশীৰ উৰ্দ্ধৰ শিল্পীজনৰ শৰীৰ এতিয়া ৰোগাক্ৰান্ত। চকুৰ দৃষ্টি শক্তি কমি আহিছে শিল্পীজনৰ। চিকিৎসাৰ বাবেও হাতত নাই ধন। পুত্ৰ সন্তান নথকা গোলাপ ওজাই বৰ - জীয়েক আৰু নাতিনীয়েকৰ সৈতে অতিবাহিত কৰিছে দুৰ্বিসহ জীৱণ। দুবেলা - দমুঠি খাবলৈয়ো আকাল দৰিদ্র পৰিয়ালটিৰ। পেটৰ তাড়নাত বহু সময়ত খুজি-মাগিয়ো খাব লগা শিল্পীজনে। অসমৰ জাতীয় জীৱনৰ প্ৰতি অনবদ্য অৱদান আগবঢ়োৱা গোলাপ ওজা আজি অৱহেলিত, বঞ্চিত। ৮৬ বছৰ বয়সত ভৰি দিয়া গোলাপ ওজাই আজিলৈকে লাভ কৰা নাই চৰকাৰী শিল্পী পেঞ্চন আৰু বৃদ্ধ পেঞ্চন। টিংখাঙৰ বিধায়ক বিমল বড়ায়ো এই ক্ষেত্ৰত সুবিধা কৰি দিয়াৰ  আশা দি নিৰাশ কৰিলে বুলি জনায় শিল্পীগৰাকীয়ে। বহুবাৰ আবেদন-নিবেদন কৰাৰ পাচতো চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহাৰ্য্য নাইবা পেঞ্চন লাভ নকৰি এতিয়া তীব্ৰ হতাশাত ভূগিছে শিল্পীগৰাকীয়ে।

ত্ৰিদিৱ ভট্টাচাৰ্য, টিংখাং , ডাক- টিংখাং, পিন- ৭৮৬৬১২, জিলা-ডিব্ৰুগড় , অসম ।