Highlights of Assam Budget 2018-19

  • Posted on: 12 March 2018
  • By: admin

ASSAM BUDGET, 2017-18 HIGHLIGHTS 
# ফিক্সড পে’ শিক্ষকৰ দৰমহা ২০হাজাৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ বাজেটত। শীঘ্ৰে সম্পন্ন হ’ব প্ৰাদেশীকৰণৰ প্ৰক্ৰিয়া। ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। ৫০খন বিদ্যালয়ত অতিৰিক্ত বিজ্ঞান শাখাৰ ব্যৱস্থা। পলিটেকনিক আৰু অভিযান্ত্ৰিকৰ ১০০ছাত্ৰীক বছৰি ৩০হাজাৰ টকাকৈ জলপানি দিব চৰকাৰে। আনহাতে, ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতৰ উপকৰ ৰেহাইৰ প্ৰস্তাৱ লোৱা হৈছে বাজেটত। বিদ্যুত মাচুলৰ  ওপৰত  ৫% বিদ্যুত শুল্ক আৰোপ।

# ১৫ হাজাৰ শিক্ষকৰ নিযুক্তিৰ বাবে তৎপৰতা। বাজেটত শিক্ষা বিভাগৰ বাবে ৮,৫১৯ কোটি টকা ধাৰ্য কৰা হৈছে। বাজেট ভাষণত উল্লেখ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাধ্যমিক বিদ্যালয়ৰ মাচুল ৰেহাই অব্যাহত আছে আৰু চলিত বৰ্ষৰ পৰা স্নাতকৰ শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ’ব বিনামূলীয়া পাঠ্যপুথি। চৰকাৰী শিক্ষাক প্ৰথমবাৰৰ বাবে ব্যক্তিগতকৰণৰ ব্যৱস্থা চৰকাৰৰ। ১০০খন নতুন বিদ্যালয় যাব PPP ব্যৱস্থাৰ অধীনলৈ। ১০০ বিদ্যালয় ন ৰূপত যৌথভাৱে স্থাপন। চাহ বাগানতো PPP ব্যৱস্থাত হ’ব বিদ্যালয়।

# ব্যক্তিগত স্কুলক নিয়ন্ত্ৰণৰ বাবে শীঘ্ৰে আইন প্ৰণয়নৰ প্ৰস্তাৱ ২০১৮–১৯ বৰ্ষৰ বাজেটত। শিক্ষাৰ বাণিজ্যকৰণ ৰোধৰ বাবে এই আইন প্ৰণয়ন কৰাৰ লক্ষ্য চৰকাৰৰ। শিক্ষক–কৰ্মচাৰীক উচিত দৰমহা দিব লাগিব বুলিও বাজেট ভাষণত উল্লেখ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

# কৃষি উৎপাদন দুগুণ বৃদ্ধিৰ লক্ষ্য ২০১৮–১৯ৰ বাজেটত। বৈজ্ঞানিক কৃষি উৎপাদন ক্ৰয়ত ৭৫ শতাংশ ৰাজসাহায্যৰ ব্যৱস্থা। ক্ষিপ্ৰতাৰে ঋণ পৰিশোধ কৰিলে কৃষকলৈ উদগনি আৰু ক্ষুদ্ৰ–মজলীয়া উদ্যোগলৈ ঋণৰ ব্যৱস্থা কৰিব চৰকাৰে। বাঁহ উদ্যোগৰ উন্নয়নৰ বাবেও বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে বাজেটত। ৫ হাজাৰ স্নাতকক প্ৰদান কৰা হ’ব প্ৰশিক্ষণ। ১০টা উৎকৰ্ষ বিকাশ কেন্দ্ৰ স্থাপনৰ চেষ্টা চৰকাৰৰ। সৰ্থেবাৰীৰ কাঁহ  শিল্পৰ বাবে ১৭.৫ কোটি টকা ধাৰ্য বাজেটত। মিঠানলৰ উৎপাদন বৃদ্ধিৰ বিশেষ আঁচনিৰ লগতে কাজিৰঙাত ৮ কোটি টকাৰ উদ্ভিদ উদ্যান স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে। সীমাস্তম্ভ নিৰ্মাণৰ বাবে ১০কোটি টকা ধাৰ্য।
# ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰিৰ আৱেদনৰ বয়স বৃদ্ধি হিমন্ত বিশ্ব শৰ্মাৰ ডিজিটেল বাজেটত। ৪৪ বছৰলৈ আৱেদন কৰিব পাৰিব এই পদত। ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰিৰ আবেদনৰ বাবে প্ৰয়োজন নহ’ব ট্ৰেজাৰী চালান। ২০১৯ৰ মাৰ্চ পৰ্যন্ত বাহাল থাকিব এই নীতি।
# সাংসদৰ আদৰ্শ গাঁৱত পথ উন্নয়নৰ বাবে বাজেটত ২০ কোটি টকা ধাৰ্য। স্বাস্থ্য বিভাগত গুণোৎসৱৰ বাবে ধাৰ্য কৰা হৈছে ৪ কোটি টকা। ছচিয়েল মিডিয়া স্থাপনৰ বাবে ৩ কোটি টকা ধাৰ্য বাজেটত। প্ৰতিটো চৰকাৰী বিভাগে ব্যৱহাৰ কৰিব ছচিয়েল মিডিয়া। বাজেট ভাষণত ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। 
# গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত হ’ব নতুন দলং। উত্তৰ গুৱাহাটী আৰু পাণবজাৰ মাজত নিৰ্মাণ কৰা হ’ব দলং। দলং নিৰ্মাণৰ বাবে ১,৯৫০ কোটি টকা আবণ্টন দিয়াৰ কথা বাজেট ভাষণত উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ।
# গৃহৰক্ষীৰ মজুৰি ২৫০ৰ পৰা ৩০০ টকালৈ বৃদ্ধি। অংগনবাড়ী আৰু আশাকৰ্মীৰ ভাট্টা ১০০০টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ বাজেটত। অংগনবাড়ীৰ সহায়িকাৰ ভাট্টা ৫০০টকালৈ বৃদ্ধি। অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত UGC হাৰত প্ৰৱৰ্তন হ’ব দৰমহাৰ গাঠনি।
# NHM, SSA কৰ্মীৰ মৃত্যুত পৰিয়াললৈ সাহায্যৰ ব্যৱস্থা ২০১৮–১৯ বৰ্ষৰ বাজেটত। ইয়াৰ বাবে আবণ্টন দিয়া হৈছে ৪৫ কোটি টকা। এককালীন সাহায্য হিচাপে মৃত কৰ্মচাৰীৰ পৰিয়াললৈ আগবঢ়োৱা হ’ব এই ধন।
# ১২ৰ পৰা ২০ বছৰ বয়সৰ কিশোৰী–যুবতীলৈ বাজেটত সুখবৰ। বছৰি ৫ লাখ টকাৰ কম আয়ৰ পৰিয়ালৰ ৫লাখ কন্যা সন্তানৰ বাবে ৩০কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। মাহে ৫০ টকাকৈ জলপানি দিব চৰকাৰে আৰু এই ধন জমা হ’ব বেংকৰ একাউণ্টত। ২০বছৰ বয়সলৈ লাভ কৰিব এই জলপানি। অনাময় নেপকিন ক্ৰয়ৰ বাবে এই জলপানি প্ৰদান কৰিব চৰকাৰে। 
# পেঞ্চনাৰৰ মৃত্যুত অবিবাহিত কন্যাই লাভ কৰিব পেঞ্চন। ঘোষণা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ২০ হাজাৰ বাগানৰ চৰ্দাৰলৈ আগবঢ়োৱা হ’ব ৩ হাজাৰ টকীয়া স্মাৰ্ট ফোন। ইয়াৰ বাবে ৭ কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। চাহ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মীলৈ সাহায্যৰ প্ৰস্তাৱ। ৯৯ কোটি টকাৰ পুঁজি আবণ্টন দিয়া হৈছে চাহ নিগমলৈ। এই টকাৰে আদায় দিব কৰ্মচাৰীৰ বকেয়া, PF, গ্ৰেছুইটী। চাহ নিগমে স্বাক্ষৰ কৰিব লাগিব MoU। 
# ৱাঘা সীমান্তৰ আৰ্হিত অসমত হ’ব BEATING THE RETREATৰ ব্যৱস্থা। অসমৰ ৪টা সীমান্ত চকীত এই ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ লোৱা হৈছে বাজেটত। কাছাৰ,কৰিমগঞ্জ, দক্ষিণ শালমাৰা আৰু ধুবুৰীত এই ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ। আনহাতে, অহা বৰ্ষত ১০ কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত চৰকাৰৰ। জলবায়ুৰ পৰিৱৰ্তন অধ্যয়নৰ বাবে ৫কোটি টকা ধাৰ্য বাজেটত।
# আত্মসমৰ্পণকাৰীলৈ স্বয়ম আঁচনিৰ জৰিয়তে ২লাখ টকাৰ ঋণৰ লগতে আগবঢ়োৱা হ’ব দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ। বাজেট ভাষণত ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। 
# মুখ্যমন্ত্ৰীৰ আকাশদ্বীপ যোজনাৰ অধীনত ৫২ লাখ পৰিয়াললৈ আগবঢ়োৱা হৈছে ৯ ৱাটৰ চাৰিটাকৈ LED বাল্ব। সকলো চৰকাৰী প্ৰতিষ্ঠানতে LED বাল্বৰ ব্যৱস্তা। ষ্ট্ৰীট লাইটতো ব্যৱহাৰ হ’ব LED বাল্ব। LED বাল্বৰ বাবে বাজেটত ১০০ কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ১০০ বিদেশী ন্যায়াধীকৰণলৈ ১০কোটিকৈ টকা ধাৰ্য।
# নগৰসমূহত PPP ব্যৱস্থাৰে শৌচাগাৰৰ প্ৰস্তাৱ বাজেটত। নগৰ সমিতিলৈ আবণ্টন দিয়া হ’ব ১০লাখ টকাকৈ। CID আৰু BIEOলৈ ১৫% উদগনিমূলক ভাট্টা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মাহেকীয়া দৰমহাৰ সৈতে লাভ কৰিব এই ধন। আনহাতে, দিব্যাংগ আঁচনিৰ সম্প্ৰসাৰণৰ বাবে ২৫০ কোটি টকা ধাৰ্য কৰা হৈছে ২০১৮–১৯ বৰ্ষৰ বাজেটত।
# চাহ শ্ৰমিকৰ বেংক একাউণ্টধাৰীৰ বাবে বীমাৰ ব্যৱস্থা চৰকাৰৰ। প্ৰধানমন্ত্ৰীৰ জীৱনজ্যোতি যোজনা, প্ৰধানমন্ত্ৰীৰ সুৰক্ষা বীমা যোজনাৰ প্ৰিমিয়াম চৰকাৰে প্ৰদান কৰাৰ প্ৰস্তাৱ লোৱা হৈছে বাজেটত। ইয়াৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ২০ কোটি টকা। ৬মাহ সক্ৰিয় হৈ থকা একাউণ্টত জমা কৰা হ’ব ২,৫০০কৈ টকা। ১৬ লাখ বয়োজ্যেষ্ঠ নাগৰিকলৈ ২৫০টকাৰ পেঞ্চনৰো প্ৰস্তাৱ।
# ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৪খন দলঙৰ প্ৰস্তাৱ। নাৰেংগী–কুৰুৱাৰ মাজত হ’ব ছয়লেনযুক্ত দলং। পৰ্যটন বিভাগৰ বাবে ৮১কোটি টকা ধাৰ্য বাজেটত। RIVER TAXIৰ বাবে FRP নাও ক্ৰয়ৰ লগতে কলং পুনৰুজ্জীৱিত প্ৰকল্পৰ বাবে ১৫কোটি, ব্ৰহ্মপুত্ৰ–বৰাক খননৰ বাবে ১৮কোটি, জলসম্পদ বিভাগলৈ ৮২৪ কোটি টকা ধাৰ্য এইবাৰৰ বাজেটত।
# বৃদ্ধ পেঞ্চন আঁচনিৰ সাৰ্বজনীনকৰণ বাজেটত। অষ্টদশ মুকুতাৰ অধীনলৈ অটল অমৃত অভিযান। ৰাজ্যিক ঘাইপথ উন্নয়নৰ বাবে লোৱা হৈছে অসমমালা আঁচনি। ইয়াৰ বাবে এইবাৰৰ বাজেটত ধাৰ্য কৰা হৈছে ২০০ কোটি টকা। পথ ব্যৱস্থাৰ বাবে প্ৰস্তুত কৰা হৈছে এখন মাষ্টাৰ প্লেন। মধ্যম স্তৰৰ নগৰৰ বাবে আগবঢ়োৱা হ’ব ১০০কোটি টকাকৈ। ৬খন বৃহৎ নগৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা হ’ব বিশেষ আঁচনি। প্ৰতিটো বিধানসভা সমষ্টিতে ১০কোটিৰ আঁচনিৰ প্ৰস্তাৱ বাজেটত।
# NRC উন্নীতকৰণৰ বাবে বাজেটত ৯১ কোটি টকা ধাৰ্য। অসম আন্দোলনৰ আহতসকলক ২লাখকৈ সাহায্যৰ ব্যৱস্থা। ইয়াৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ১০কোটি টকা। ইনভেষ্ট আছাম নামেৰে নতুন সংস্থা গঠনৰ লগতে আমবাৰীত আছাম হাব উদ্ভাৱনী কেন্দ্ৰ স্থাপনৰ লক্ষ্য চৰকাৰৰ। সাংবাদিক বীমা আঁচনি প্ৰৱৰ্তনৰো প্ৰস্তাৱ বাজেটত। ২০গৰাকী সাংবাদিকলৈ ৫০ হাজাৰ টকাকৈ ফেল’শ্বিপ প্ৰদানৰ ব্যৱস্থা। 
# ৰাতাবাৰীত দীনদয়াল কলেজ, পাথাৰকান্দিত মডেল কলেজ স্থাপনৰ প্ৰস্তাৱ হিমন্ত বিশ্বৰ ডিজিটেল বাজেটত। উত্তৰ কৰিমগঞ্জত গড়কাপ্তানী পথ নিৰ্মাণৰো প্ৰস্তাৱ। দক্ষিণ কৰিমগঞ্জত স্থাপন হ’ব ১৮০ অংগনবাড়ী কেন্দ্ৰ। আনহাতে, হাইলাকান্দিত গুদামঘাট দলং, আলগাপুৰত ধনেশ্বৰী নদীৰ ওপৰত দলং, শিলচৰত পেৰেড গ্ৰাউণ্ড ষ্টেডিয়াম, উদৰবন্দত মথুৰা নদীত দলং, লক্ষীপুৰত ইনড’ৰ ষ্টেডিয়াম, হাফলঙত পানী যোগান প্ৰকল্প, বোকাজানত আধুনিক প্ৰেক্ষাগৃহ, হাওৰাঘাটত ডকমকা ৰাজহুৱা প্ৰেক্ষাগৃহ, ডিফুত ক্ৰীড়া প্ৰকল্প, বৈঠালাংছ’ত আধুনিক ষ্টেডিয়াম, দক্ষিণ শালমাৰাত টিপকাই নদীৰ ওপৰত পকী দলং, ধুবুৰী–পাটামাৰী পথ নিৰ্মাণ আৰু বিজনীত মৰা মানস নৈত পকী দলং নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে বাজেটত।
# ছয়গাঁৱত চণ্ডীকা দেৱালয় আৰু চান্দ সদাগৰৰ দেৱালয়ৰ উন্নয়নৰ বাবেও প্ৰস্তাৱ লোৱা হৈছে এইবাৰৰ বাজেটত। নলবাৰীৰ মধ্য বাঁহজানীত নতুন কলেজৰ উপৰি বৰক্ষেত্ৰী, মুকালমুৱাত স্থাপন হ’ব নাৰ্ছিং কলেজ। বালিপৰাত ডিগ্ৰী কলেজ, চতিয়াত নাগশংকৰ ষ্টেডিয়াম, চামগুৰিত গ্ৰামীন কৃষিকেন্দ্ৰ, লামডিঙত দীনদয়াল কলেজ, খুমটাইত সৈনিক স্কুল স্থাপনৰ প্ৰস্তাৱ এইবাৰৰ বাজেটত। আনহাতে, মাজুলীত নিৰ্মাণ হ’ব জেংৰাইমুখ ক্ৰীড়া প্ৰকল্প। লখিমপুৰৰ ৰঙানদীত নিৰ্মাণ হ’ব পকী দলং। নাহৰকটীয়াত এখন ITI আৰু শদিয়াত কুণ্ডিল নৈ ডিগ্ৰী কলেজ স্থাপনৰো প্ৰস্তাৱ বিত্ত মন্ত্ৰীৰ।
# স্কুলত পুৱাৰ আহাৰ, ইউনিফৰ্ম আৰু পৰ্যাপ্ত শিক্ষক নিয়োগৰ বাবে বাজেটত ধন। এপ’ল মিলৰ পুনৰুজ্জীৱিতকৰণৰো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বাজেটত। বড়োলেণ্ড ছহিদৰ আত্মীয়লৈ প্ৰদান কৰা হ’ব ৫ লাখ টকাকৈ এককালীন সাহায্য। কৃষক পৰিচয়পত্ৰ প্ৰদানৰো ব্যৱস্থা এইবাৰৰ বাজেটত। ছয়ল হেল্থ কাৰ্ডৰ বাবে ধাৰ্য কৰা হৈছে ১৪.৯৬ কোটি টকা। PMKSY আঁচনিৰ বাবে ১৬.৫ কোটি, টিচু কালচাৰ লেবৰ বাবে ১৫ কোটি, বীজ পামৰ পুনৰুত্থানৰ বাবে ৫০ কোটি, সীমান্ত এলেকাৰ উন্নয়নৰ বাবে ১৬১কোটি, সমবায় বেংকলৈ ১৫৬ কোটি টকা ধাৰ্য। পথৰুঘাটত ১ কোটি টকাৰে নিৰ্মাণ কৰা হ’ব ছহিদ স্মাৰক। বিজু ফুকনৰ নামত প্ৰদান কৰা হ’ব বঁটা।
# দীপৰ বিল উন্নয়ন প্ৰাধিকৰণ স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি বাজেট ভাষণত হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যিক চিৰিয়াখানাৰ বাবে ৫কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত। তদুপৰি ৫০০জলাশয়ত মীন পালনৰ বাবে ১৮০০কোটি ধাৰ্য। ই–ৰিক্সাৰ জৰিয়তে ভ্ৰাম্যমাণ আমাৰ দোকানৰ ব্যৱস্থা কৰা হ’ব। ৬৬৪ খন নতুন আমাৰ দোকান স্থাপনৰ লক্ষ্য চৰকাৰৰ। স্থাপন কৰা হ’ব ৬টা ৱেৰ হাউছ, শীতল ভঁৰাল।
# কামাখ্যাৰ পৰা হ’ব কামাখ্যা ষ্টেচনলৈ হ’ব ৰোপৱে’। গুৱাহাটীত পাৰ্কিং উন্নয়নৰ বাবে ৫কোটি টকা ধাৰ্য কৰা হৈছে ২০১৮–১৯ৰ বাজেটত। কৃত্ৰিম বান ৰোধৰ বাবে ৫০কোটি টকা ধাৰ্য বাজেটত। কম মূল্যত শিপিনীলৈ সূতা, মাজুলীত আদৰ্শ হস্ততাঁত গাঁও স্থাপনৰ প্ৰস্তাৱ।  ২০১৮–১৯ চনত ৫ হাজাৰ কনিষ্টবল নিযুক্তিৰ লক্ষ্য। ৫টা IR বেটেলিয়ন গঠনৰ বাবে ২৫কোটি ধাৰ্য কৰা হৈছে বাজেটত।
# গুৱাহাটীত স্থাপন হ’ব চাইবাৰ ড’ম, অনলাইন ছচিয়েল মিডিয়া লেব। জিলা সদৰত হ’ব চাইবাৰ থানা। কাজিৰঙা, মানাহ, ডিব্ৰু ছৈখোৱা, নামেৰী, ওৰাং আৰু গুৱাহাটীত স্থাপন হ’ব টুৰিষ্ট থানা। দেৰগাঁৱৰ PTC উন্নয়নৰ বাবে ধনৰ প্ৰস্তাৱ বাজেটত। ৰাজ্যত স্থাপন হ’ব ৪২টা নতুন অগ্নিনিৰ্বাপক কেন্দ্ৰ। গুৱাহাটীত স্থাপন হ’ব ফৰেনচিক বিজ্ঞান প্ৰতিষ্ঠান।


Source: Unknown( Collected from net)