Top 10 Solutions For Daily Life Problems, কিছুমান ঘৰুৱা সমস্যাৰ সমাধান

  • Posted on: 20 March 2018
  • By: admin

১।ঘৰত উঁয়ে ধৰিলে মাটিখিনি ভাঙি হিং মিহলোৱা পানী সেই ঠাইত ঢালি দিলে উঁই কেতিয়াও নধৰে।
২।খবৰ কাগজ বা টিছু কাগজ পানীত তিয়াই লৈ আইনা ঘঁহিলে চাফা হয়।
৩।ঘৰৰ পকা মজিয়া মচাৰ সময়ত পানীত অলপ কেৰাচিন মিহলাই মচিব,বৰ চকচকীয়া হব।
৪। কাঠৰ আচবাব-পত্ৰত কিবা লাগিলে অলপমান তুলা বা কাপোৰত 'স্পিৰিট' লগাই ঘঁহি দিব,পিছত শুকান কাপোৰেৰে মচি পেলাব।চিক্চিকাই উঠিব।
৫।চাউল ধোৱা পানীত কিছুসময় স্টিল বা কাঁচৰ পাত্ৰ ডুবাই ৰাখি ধুলে চাফা হয়।
৬।গেছ বা কেৰাহী থোৱা টেবুলখন নেমুটেঙাৰ ৰসেৰে ঘহিলে তেল চিকটি চাফা হয়।
৭।ৰঙীন কাপোৰ ধোওতে ৰং যোৱাৰ আশংকা থাকিলে কাপোৰ তিওৱা পানীত অলপ নিমখ বা ভিনেগাৰ বা ফিটকিৰী মিহলাই কিছুসময় ভিজাই থৈ ধুই দিলে ৰং নাযায়।
৮।ঘৰত থকা অইল পেইন্টি ছবিখনত যদি ধূলি পৰি উজ্বলতা কমি গলে  ভেছলিন জেলী বা তিচি তেল কাপোৰত লৈ মচিলে চাফা হয়।
৯।ঘৰত নিগনিৰ উৎপাত কমিবলৈ  নিগনিয়ে অহা যোৱা কৰা ৰাস্তাত খোৱা বস্তৰ লগত ক'লা জীৰা ছটিয়াই থ ওক।
১০।মমবাতি পানীত ডুবাই জ্বলালে বহুসময় জ্বলে।