Useful Cooking Tips, পাকঘৰৰ কেইটামান টিপচ
১.ফাট মেলা কণী এটা সিজাবলৈ হ'লে পানীখিনিত ভিনেগাৰ মিহলাই ল'ব।কণীটো নস্ট নহয়।
২.গাখীৰ গৰম কৰোতে ফাটিব বুলি যদি ভয় থাকে তেন্তে গৰম কৰোতে অকণমান খোৱা চৌদা দিলে নাফাটে।
৩.কিছুমান নেমু চেপিলেও ৰস নোলাই ,তেতিয়া অলপ সময় গৰম পানীত ভিজাই থৈ চেপিলে ৰস ওলাই।
৪.বিস্কুটৰ টেমাত এচামুচ চেনি বা ব্লটিং পেপাৰ থ'লে বিস্কুটবোৰ ১০/১৫দিন মচমচীয়া হৈ থাকিব।
৫.তিতাকেৰেলা বৰ সোনকালে পকে।কেৰেলা কেইটা সোঁমাজতে পথলিকে কাটি থওক ,ভালে থাকিব।
৬.সৰিয়হ পটাত বটোতে অকণমান নিমখ মিহলাই বটিব তেতিয়া তিতা নহয়।
৭.খোৱা পানীৰ বাল্টিটোত কেইচকলমান ডাল চেনি পেলাই থ ওক পানী বিশুদ্ব হ'ব লগতে বৰ সুন্দৰ গোন্ধ্ থাকিব।