এটোপাল নিয়ৰ হৈ, Assamese Poem

সোঁৱৰণিৰ জখলাৰে নামি
গভীৰ সেউজীয়াৰ আৰত
সাৰ পাই দেখিলো
থোপা থোপে ফুলা শেৱালিৰ গছ
ভাৰাক্ৰান্ত দেহ-মন লৈ
এটোপাল নিয়ৰ হৈ
এঙামুৰি দি
দলিয়াই পেলালো দুখ
জুমি চোৱা ৰ’দে
শীতৰ লঠঙা ডালত পৰি থকা
মোতেই জিলিকি
সপোন আঁকে
বুকুজুৰি বৈ যায় ভালপোৱা
দূবৰিক ভালপোৱা
টোপা টোপে সৰি থকা
ক্ষণস্থায়ী মোৰেই সহোদৰ
হাজাৰ দুঃখত এধানি হাঁহি পাই
মুঠি মুঠিকৈ সৰি পৰে